জম্মু-কাশ্মীৰৰ ৰাজৌৰীত গুলীচালনাৰ ঘটনা!

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত গুলীচালনাৰ ঘটনা।ঘটনাটো সংঘটিত হয় শুকুৰবাৰে পুৱা ৬:১৫ বজাত । গুলীচালনাত দুজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন লোক আহত হয়। নিহত দুয়োজনেই ৰাজৌৰীৰ ফাল্যানাৰ শৈলেন্দ্ৰ কুমাৰ আৰু কমল কিশোৰ বুলি জানিব পৰা গৈছে। সেনাৰ জোৱানে তেওঁলোকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগত যুৱক দুজনক গুলীয়াই বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

ইফালে, ঘটনাটো সংঘটিত হোৱাৰ পিছতে উত্তেজিত স্থানীয় লোকে সেনা চাউনী ঘেৰাও কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.