আজি ১৭ ডিচেম্বৰ

▶️১৬৭৫ চনৰ এই দিনটোতেই ইছলাম ধৰ্ম গ্ৰহণৰ বাবে অমান্তি হোৱাত ঔৰংগজেৱে শিৰচ্ছেদ কৰিছিল নৱম শিখ গুৰু টেগ বাহাদুৰক। দিল্লীৰ চান্দনী চ’কত টেগ বাহাদুৰক মৃত্যুদণ্ড দিয়া স্থানত পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা হয় ‘শিখগঞ্জ গুৰুদ্বাৰ’।
▶️১৮৫৬ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী,ইলেক্ট্ৰনৰ আৱিষ্কাৰক ছাৰ যোচেফ জন টমছনৰ জন্ম হৈছিল।
▶️১৮২৯ চনৰ আজিৰ দিনটোতেই ফৰাছী জীৱ বিজ্ঞানী জে বি লেমাৰ্কৰ মৃত্যু হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হৈছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই নতুন দিল্লীত নেচনেল মিউজিয়াম মুকলি কৰা হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ ৰিফাইনাৰীৰ এশ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ডাক টিকট মুকলি।।

 

You might also like
Leave A Reply

Your email address will not be published.