নেচনেল ডেস্ক:
জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ কাংগানৰ ৰেজান গুণ্ড গাঁৱত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কমেও চাৰিটা আৱাসিক গৃহ, দুখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা গৰুৰ গোহালিৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে মৃত্যু হয় ১০টা ভেড়া আৰু ৫টা ঘোঁৰাৰ। আনহাতে ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈছে শ্ৰীনগৰ-সোনমাৰ্গ পথ। আৰক্ষী আৰু অসামৰিক প্ৰশাসন উদ্ধাৰ কাৰ্যৰ লগতে পথ মুকলি কৰিবলৈ আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ লগতে যন্ত্ৰপাতি প্ৰয়োগ কৰা হৈছে।।