ইণ্টাৰনেচনেল ডেস্ক:

কাৰ্নিভেল উৎসৱৰ মাজতে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। ব্ৰাজিলৰ উত্তৰ চাও পাওলোৰ দুখন উপকূলীয় চহৰত হাঁহাকাৰ পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত চলি থকা কাৰ্নিভেল উৎসৱৰ মাজতে জৰুৰীকালীন অৱস্থাৰ সূচনা হৈছে উপকূলীয় চহৰ দুখনত।কাৰ্নিভেল উদযাপনৰ বাবে সমবেত হোৱা হাজাৰৰো অধিক সংখ্যক পৰ্যটক আৱদ্ধ হৈ পৰিছে প্ৰলয়ংকাৰী বানপানী আৰু ভূমিস্খলনত। এই পৰ্যন্ত মৃত্যু হৈছে কমেও ৩৬ গৰাকী লোকৰ। আনহাতে সন্ধানহীন হৈছে শতাধিক লোক।

 

ইফালে দুৰ্যোগত আটাইতকৈ ক্ষতিগ্ৰস্ত চহৰ সমূহ হৈছে ছাও চেবাষ্টিয়াও, উবাটুবা, ইলহাবেলা আৰু বাৰ্টিঅ’গা।বানপানী আৰু ভূমিস্খলনৰ ফলত বিচ্ছিন্ন হৈ পৰিছে ঘাইপথসমূহ। স্থানীয় বাসিন্দাৰ লগতে আৱদ্ধ হৈ থকা পৰ্যটক সকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে যদিও প্ৰতিকুল বতৰে বাধাৰ সৃষ্টি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.