আজি ৪ মাৰ্চ

▶️আজি ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
▶️১১৫২ চনৰ এই দিনটোতেই জাৰ্মানীত তৃতীয় কনৰাডৰ ভতিজাক প্ৰথম ফ্ৰেডেৰিকৰ সাম্ৰাজ্যত অভিষেক। তেওঁৱেই জাৰ্মানী একত্ৰীকৰণ কৰিছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই কলকাতাত প্ৰসিদ্ধ বেথুন কলেজ প্ৰতিষ্ঠা।ব্ৰিটেইনৰ বাহিৰত ব্ৰিটিছ সাম্ৰাজ্যৰ এইখনেই প্ৰথম মহিলা কলেজ।
▶️১৮৯২ চনৰ এই দিনটোতেই কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হৈছিল। ১১ খন দেশৰ ৪৮ গৰাকী প্ৰতিযোগীয়ে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই কবি অজিৎ বৰুৱাক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক আৰু সমাজসেৱিকা চিত্ৰলতা ফুকনলৈ ২০০৩ চনৰ প্ৰবীণা শইকীয়া বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই সোণোৱাল কছাৰী,দেউৰী জনগোষ্ঠীলৈ অসমৰ ১০ খন জিলা সামৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰৰ অনুমোদন।
▶️২০০৫ চনৰ এই দিনটোতেই ভূপিন্দৰ সিং হুদাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ।।

 

You might also like
Leave A Reply

Your email address will not be published.