হোলীৰ দিনাই মহানগৰীত ৩ কোটিৰ সোণ জব্দ

ভংগ হ’ল গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হোৱা সোণৰ ৰেকৰ্ড!

নিউজ ডেস্ক:

হোলীৰ দিনটোতে মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ সোণ। বুধবাৰে পুৱাৰভাগতেই গুৱাহাটী ৰে’ল ষ্টেচনত ৩ কোটি টকাৰ সোণ জব্দ। GRP য়ে জব্দ কৰে প্ৰায় ৩ কিলোৰো অধিক ওজনৰ সোণৰ বিস্কুট। ৰাজধানী এক্সপ্রেছৰ পৰা জব্দ ২০ খনকৈ সোণৰ বিস্কুত। বৃহৎ পৰিমাণৰ সোণৰ লগতে আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। ধৃত যুৱকজন মণিপুৰৰ শ্বৰীফ আলম। শ্বৰীফ আলমে জীনছ পেণ্টৰ কঁকালৰ কাপোৰ কাটি তাৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰিছিল সোণখিনি৷

জব্দকৃত সোণখিনি প্ৰথমে ম্যানমাৰৰ পৰা মণিপুৰলৈ আৰু তাৰ পাছত ডিমাপুৰৰ পৰা ৰে’লযোগে দিল্লীলৈ সৰবৰাহ কৰাৰ কথা আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে। উল্লেখ্য যে জব্দকৃত সোণখিনি দিল্লীলৈ সৰবৰাহ কৰাৰ বাবে শ্বৰীফ আলমক দিয়া হৈছিল ২০ টকা। সোণখিনি গন্তব্যস্থানত চমজাই দিলে বাকী ২০ হাজাৰ টকা দিয়াৰ কথা আছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে ধৃত সৰবৰাহকাৰী শ্বৰীফ আলমে। ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবাহকাৰী শ্বৰিফৰ স্বীকাৰোক্তিৰ ভিত্তিত সোণৰ চোৰাং সৰবৰাহত জড়িত লোকৰ সন্ধানত মণিপুৰত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

উল্লেখ্য যে বুধবাৰে পুৱা জব্দ হোৱা সোণৰ পৰিমাণে ভংগ কৰিলে পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হোৱা সকলো সোণৰ ৰেকৰ্ড।।

You might also like
Leave A Reply

Your email address will not be published.