বিদ্যালয়ৰ বাথৰুমত ৭ বছৰীয়া শিশুক ধৰ্ষণ!

হোলীৰ দিনাই বিহাৰৰ বেগুচৰাই জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা

নেচনেল ডেস্ক:

হোলীৰ দিনাই বিহাৰৰ বেগুচৰাই জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা । তিনিটা সন্তানৰ পিতৃয়ে সুৰামত্ত অৱস্থাত ধৰ্ষণ কৰিলে এটি ৭ বছৰীয়া শিশুক । ৯ বছৰীয়া আৰু ৭ বছৰীয়া দুটি শিশু দোকানৰ পৰা সামগ্ৰী কিনিবলৈ গৈ উভতি অহাৰ সময়তে অভিযুক্ত ছোটু কুমাৰে দুয়োকে কথাৰে ফুচুলাই নি ওচৰতে থকা বিদ্যালয় খনৰ বাথৰুমলৈ লৈ যায় ৯ বছৰীয়া শিশুটিক ধৰ্ষণ কৰাৰ উপৰিও শিশুটিৰ গালত কামুৰি দিয়ে । যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটি । অৱশ্যে আহত শিশুটি সৌভাগ্যবশত অভিযুক্তৰ কবলৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও ৭ বছৰীয়া শিশুটি বিদ্যালয়খনৰ বাথৰুমতে আৱদ্ধ হৈ ৰয় । পাছত ৯ বছৰীয়া শিশুটিয়ে পলায় গৈ পৰিয়ালৰ লোকক ঘটনাটোৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছত, পৰিয়াল আৰু গাওঁখনৰ আন লোকসকলে বিদ্যালয়ত উপস্থিত হৈ ৭ বছৰীয়া শিশুটিক তাতে পৰি থকা দেখিবলৈ পায়। স্থানীয় লোক সকলে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

You might also like
Leave A Reply

Your email address will not be published.