উত্তৰ প্ৰদেশৰ ইটাহত ভয়ংকৰ পথ দুৰ্ঘটনা!

এখন অভাৰব্ৰীজৰ ৰেলিং ভাঙি বাগৰি পৰিল যাত্ৰীবাহী বাছ

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ ইটাহত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ তাতাৰপুৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। এখন অভাৰব্ৰীজৰ ৰেলিং ভাঙি বাগৰি পৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত ৩ গৰাকী লোক নিহত হোৱাৰ লগতে ২ গৰাকী গুৰুতৰভাৱে আহত হয়। আহত দুগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, বাছখন দিল্লীৰ পৰা মেইনপুৰীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোত এগৰাকী লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুগৰাকীৰ চিকিৎসালয়ত মৃত্যু ঘটে। নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.