পশ্চিম বংগত বনৰীয়া হাতীৰ আক্ৰমণ!

নেচনেল ডেস্ক :

শ্চিম বংগত বনৰীয়া হাতীৰ আক্ৰমণ। মঙলবাৰে পশ্চিমবংগৰ ঝাৰগ্ৰাম জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুজন লোকৰ। নিহত দুজন সুজিত মাহাতো আৰু নমিতা মাহাতো বুলি জানিব পৰা গৈছে। ইন্দখাৰা গাঁৱৰ বাসিন্দা সুজিতে নিশা প্ৰায় ৮ বজাত কামৰ অন্তত বনাঞ্চলৰ মাজৰ পথেৰে চাইকেলেৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত জাকৰ পৰা আঁতৰি অহা এটা হাতীয়ে আক্ৰমণ কৰে।
হাতীটোৱে সুজিতক শুঁৰেৰে তুলি লৈ, ওপৰৰ পৰা ৰাস্তালৈ দলিয়াই দিয়ে। ফলত সুজিতৰ থিতাতে মৃত্যু হয় ।

দ্বিতীয়টো ঘটনা সংঘটিত হয় মাণিকপাৰাৰ বালিয়া গাঁৱত। আন এটা হাতীয়ে নমিতা নামৰ এগৰাকীক ঘৰৰ ওচৰতে একেধৰণে হত্যা কৰে বুলি বন বিভাগে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.