আজি ২২ মাৰ্চ

▶️আজি বিশ্ব জল দিৱস।
▶️১৭৩৯ চনৰ এই দিনটোতেই পাৰস্যৰ ৰজা নাদিৰ শ্বাহৰ আক্ৰমণত দিল্লী বিধ্বস্ত।
▶️১৮৩২ চনৰ আজিৰ দিনটোতেই জাৰ্মান কবি-সাহিত্যিক গ্যেটেৰ (সম্পূৰ্ণ নাম যোহান উলফগেং ভন গ্যেটে) মৃত্যু হৈছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু আইন অমান্য আন্দোলনৰ সূচনা।
▶️১৯৩০ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ।
▶️১৯৪২ চনৰ এই দিনটোতেই ভাৰতবাসীলৈ ক্ষমতা হস্তান্তৰৰ ৰাজনৈতিক সূত্ৰ উদ্ভাৱনৰ উদ্দেশ্যে ষ্টেফোৰ্ড ক্ৰিপছৰ ‘ক্ৰিপছ মিছন’ৰ ভাৰতত পদাৰ্পণ।
▶️১৯৪৭ চনৰ এই দিনটোতেই লৰ্ড মাউণ্টবেটেনৰ ভাৰতলৈ আগমন। এই বছৰৰে ২৪ মাৰ্চত তেওঁ ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা গ্ৰহণ। এই পঞ্জিকা অনুসৰি চ’ত মাহ বছৰৰ প্ৰথম মাহ।অসমীয়াৰ ৮ চ’ত ৰাষ্ট্ৰীয় পঞ্জিকাত ১ চ’ত হয়।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই হেলব’প ধূমকেতুৰ পৃথিৱীৰ নিচেই কাষত অৱস্থান।
▶️২০০০ চনৰ আজিৰ দিনটোতেই অজিত কুমাৰ ভূঞাৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰিকাকত ‘আজি’ৰ প্ৰকাশ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই চন্দ্ৰপ্ৰসাদ শইকীয়াক ২০০২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান।
▶️২০০৫ চনৰ এই দিনটোতেই দক্ষিণৰ জনপ্ৰিয় অভিনেতা জেমিনি গণেশনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.