ৰমজানত ইছলাম ধৰ্মৰ লোকসকলে কিয় খেজুৰেৰে ইফটাৰ কৰে?

ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি? জানো আহক...

নিউজ ডেস্ক

মজানত ইছলাম ধৰ্মৰ লোকসকলে কিয় খেজুৰেৰে ইফটাৰ কৰে? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি? জানো আহক…

এতিয়া পবিত্ৰ ৰমজান মাহ। এই সময়ছোৱাত, সমগ্ৰ বিশ্বতে মুছলমানসকলে গোটেই দিনটো উপবাস পালন কৰে। সূৰ্য অস্ত যোৱাৰ সময়ত তেওঁলোকে সন্ধিয়া গ্ৰহণ কৰে আহাৰ। গোটেই দিনটোৰ এই পবিত্ৰ উপবাসৰ পিছত, খেজুৰেৰে আৰম্ভ কৰে ইফটাৰ ৷

ৰমজানত ইছলাম ধৰ্মীলোকে কিয় খেজুৰেৰে ইফটাৰ কৰে? খেজুৰেৰে ৰোজা ভংগ কৰাৰ আঁৰত এটা ধৰ্মীয় কাৰণৰ লগতে আছে বৈজ্ঞানিক কাৰণো । ইছলাম ধৰ্মত বিশ্বাসী লোকসকলে ৰমজানত ৰাতিপুৱা চেহৰিৰ সময়ত খাদ্য গ্ৰহণ কৰে আৰু তাৰ পিছত গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া ইফটাৰ কৰে।

ইছলামত খেজুৰক অতি প্ৰাধান্য প্ৰদান কৰা হয়৷ কিয়নো খেজুৰ হজৰত হজৰত মহম্মদৰ প্ৰিয় ফল আছিল আৰু তেওঁ খেজুৰ খাই ৰোজা ভাঙিছিল। সেইবাবেই আজিও খেজুৰ খাই ৰোজা ভাঙে ইছলাম ধৰ্মীলোকে।

আনহাতে, ইফটাৰ কৰিবলৈ খেজুৰ ব্যৱহাৰ কৰাৰ আঁৰতো এটা বৈজ্ঞানিক কাৰণ আছে। চিকিৎসকে কয় যে খেজুৰ খালে শৰীৰে তৎক্ষণাত শক্তি লাভ কৰে। কাৰণ গোটেই দিনটো উপবাসে থাকিলে শক্তিৰ মাত্ৰা হ্ৰাস পায় আৰু সেয়েহে খেজুৰ খোৱা হয়। ইয়াৰ উপৰিও খেজুৰ হজমৰ বাবেও অতি উত্তম।
খেজুৰ খালে এই পুষ্টিকৰ উপাদানসমূহ পোৱা যায়
খেজুৰত প্ৰচুৰ পৰিমাণে আঁহ, আইৰণ, কেলৰি, প্ৰটিন, ভিটামিন আৰু তাম থাকে, যিটো শৰীৰক শক্তি প্ৰদানৰ বাবে অতি প্ৰয়োজনীয়। চিকিৎসকে কয় যে কেৱল খেজুৰ খালে শৰীৰে গোটেই দিনটোত যিমান আঁহ লাগে সিমান আঁহ পাব পাৰে। খেজুৰ খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে, যাৰ ফলত গোটেই দিনটো উপবাসে ৰখাৰ ফলত হোৱা দুৰ্বলতা খেজুৰে দূৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.