আজি ২০ এপ্ৰিল

▶️১৮৪১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন গল্পকাৰ এডগাৰ এলেন পোৰ ‘মাৰ্ডাৰ্ছ ইন দি ৰূ মৰ্গ’ৰ প্ৰকাশ। এই গল্পটোক বিশ্বত ৰহস্য গল্পৰ বাটকটীয়া আখ্যা দিয়া হয়।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ অবিসম্বাদী নেতা আডলফ হিটলাৰৰ জন্ম হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই লণ্ডনত জৰ্জ বানাৰ্ড শ্বৰ প্ৰসিদ্ধ নাটক ‘কেনডিডা’ৰ প্ৰথম মঞ্চায়ন।
▶️১৯২০ চনৰ এই দিনটোতেই বেলজিয়ামৰ এন্টোৱাৰ্পত সপ্তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। ১২ ছেপ্টেম্বৰলৈক অনুষ্ঠিত এই অলিম্পিকতে ভাৰতৰ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে অলিম্পিকত যোগদান।
▶️১৯৬০ চনৰ এই দিনটোতেই ভাৰতৰ ‘জেট যুগত’ প্ৰৱেশ। ভাৰতৰ পৰা লণ্ডনলৈ ব’য়িং -৭০৭ বিমানৰ চলাচল আৰম্ভ।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই কেৰালাৰ পাইয়োনী গাঁৱত দৌৰবিদ পি টি ঊষাৰ (সম্পূৰ্ণ নাম পিলাভুলাকান্দি থেক্কেপাৰামবিল ঊষা) জন্ম হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলি ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটত ‘ৰাবাৰ’ লাভ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আয়ুব খানৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই মেক্সিকোৰ কবি-সাহিত্যিক অক্টাভিঅ’ পাজৰ মৃত্যু ঘটিছিল। জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে পাজে ১৯৯০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️২০০৪ চনৰ এই দিনটোতেই চতুৰ্দশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল।
▶️২০০৭ চনৰ এই দিনটোতেই আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা ব্ৰায়ান লাৰাৰ অৱসৰ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় আৰু অভিনেতা অভিষেক বচ্চনৰ মুম্বাইত বিৱাহ সম্পন্ন।।

You might also like
Leave A Reply

Your email address will not be published.