ভাৰতত অভাৱনীয় জনবিস্ফোৰণ!

চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’লগৈ ভাৰত

নেচনেল ডেস্ক:

চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’লগৈ ভাৰত। ৰাষ্ট্ৰ সংঘৰ জনসংখ্যা কোষৰ ২০২৩ বৰ্ষৰ জনসংখ্যাৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ১,৪২৮.৬ মিলিয়ন৷ বিগত বৰ্ষত জনসংখ্যা বৃদ্ধি পালে ১.৫৬ শতাংশ । ইয়াৰ পৰিৱৰ্তে চীনৰ মুঠ জনসংখ্যা ১,৪২৫.৭ মিলিয়ন। প্ৰতিবেদন অনুসৰি বিশ্বত মুঠ জনসংখ্যা ৮ বিলিয়ন।

প্ৰাপ্ত তথ্য অনুসৰি, এই দুয়োখন দেশৰ এনে উদ্বেগজনক জনসংখ্যাৰ পৰিৱৰ্তে তৃতীয় স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা কেৱল ৩ কোটি ৩০ লাখহে। উল্লেখ্য যে উন্নয়ণশীল ৰাষ্ট্ৰৰ উন্নয়নত বাধা দিয়া মূল বাধা হ’ল অপৰিকল্পিত জনবিস্ফোৰণ।।

You might also like
Leave A Reply

Your email address will not be published.