নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই!

তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

নেচনেল ডেস্ক

তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । চিন্না বাল্যা নামৰ এজন লোকে নিজ মাতৃক বোজা বুলি ভাবি ডিঙি চেপি হত্যা কৰি পাছত মৃতদেহটো পুতি থয় । আৰক্ষীৰ তথ্য অনুসৰি, চিন্না বাল্যা নামৰ লোকজনে মাতৃ ই বাল্যাক কাপোৰেৰে ডিঙি চেপি হত্যা কৰে আৰু পিছত মৃতদেহ পুতি থয়। কিছুদিন পূৰ্বে লোক জনে তেওঁৰ মাতৃ নিৰুদ্দেশ হৈ থকাৰ লগতে মাতৃ থকা কোঠাটো বাহিৰৰ পৰা তলা লগোৱা আছিল বুলি দাবী কৰিছিল । অৱশ্যে স্থানীয় জনপ্ৰতিনিধি তথা মণ্ডল পৰিষদ টেৰিটৰিয়েল কমিটীৰ সদস্য বিৰিয়াৰ সন্দেহ ওপজাত আৰক্ষীক এজাহাৰ দাখিল কৰে। আৰু ইয়াৰ পিছতে আৰক্ষীৰ তদন্তত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে । আৰক্ষীৰ আগত মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বাল্যাই। হত্যাকাৰী পুত্ৰৰ স্বীকাৰোক্তি মতে, মাতৃৰ স্বাস্থ্যৰ যতন ল’বলৈ অসমৰ্থ হোৱাৰ বাবে এই ঘটনা সংঘটিত কৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.