দুখন মালবাহী ৰে’লৰ সংঘৰ্ষ!

মধ্যপ্ৰদেশৰ শ্বাহডোলত ভয়াৱহ ৰে’ল দুৰ্ঘটনা

নেচনেল ডেস্ক:

ধ্যপ্ৰদেশৰ শ্বাহডোলত ভয়াৱহ ৰে’ল দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা প্ৰায় ৭.১৫ বজাত দক্ষিণ-পূব মধ্য ৰে’লৱে বিলাসপুৰ অঞ্চলৰ শ্বাহডোল উপ-সংমণ্ডলৰ সিংহপুৰত সংঘটিত হয় দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ। সংঘৰ্ষৰ ফলত জ্বলি উঠে ৰে’ল দুখনৰ ইঞ্জিন। দুৰ্ঘটনাটোত এজন লোকো পাইলট নিহত হোৱাৰ বিপৰীতে আহত হয় আন চাৰিজনকৈ লোক। আহতসকলৰ ভিতৰত এজন লোকো পাইলট আৰু বাকীসকল ৰে’ল কৰ্মচাৰী। জানিব পৰা মতে দুৰ্ঘটনাটোত মালবাহী ৰে’লখনৰ তিনিটাকৈ দবা বাগৰি পৰিছে। উক্ত ঘটনাটোৰ বাবে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.