জুৱাৰীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ সফল অভিযান

অভিযানত জব্দ নগদ ধন সহ অস্ত্ৰ-শস্ত্ৰ, আটক ১৬ জন জুৱাৰীক

নেচনেল ডেস্ক :

জুৱাৰীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ সফল অভিযান । অভিযানত জব্দ নগদ ধন সহ অস্ত্ৰ-শস্ত্ৰ, আটক ১৬ জন জুৱাৰীক। ফতেহ নগৰ অঞ্চলত অৱস্থিত ২১৪ নম্বৰৰ এটা ঘৰত দিল্লীৰ হৰিনগৰ আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত আটক কৰে জুৱাৰীৰ দলটোক। ঘটনাস্থলীৰ পৰা নগদ ৬,৪০,৫০০ টকা, ২৪ বটল অবৈধ সুৰা, দুখন কটাৰী, প্লেয়িং কাৰ্ড আদিও উদ্ধাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ পৰা এটা ৱাকি টকিও উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, জুৱাৰীসকলৰ অধিকাংশই পশ্চিম দিল্লীৰ বিভিন্ন অঞ্চলৰ। আনহাতে দিল্লীৰ আন অঞ্চলৰ পৰাও একাংশ লোক সেই ঠাইত জুৱা খেলিবলৈ আহিছিল।

আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজন জুৱাৰীৰ বিৰুদ্ধে আবকাৰী আইন ২০০৯ আৰু অস্ত্ৰ আইন ১৯৫৯ৰ লগতে আনুষংগিক ধাৰাত গোচৰ ৰুজু কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.