বিষাক্ত সুৰাই প্ৰাণ ল’লে ৪০ গৰাকী লোকৰ!

বিহাৰৰ পূব চম্পাৰণত বিষাক্ত সুৰা সেৱনৰ ফলত পুনৰ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

নেচনেল ডেস্ক:

বিহাৰৰ পূব চম্পাৰণ জিলাত বিষাক্ত সুৰা সেৱনৰ ফলত পুনৰ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা । বিষাক্ত সুৰা সেৱনৰ ফলত ইতিমধ্যে মৃত্যু হৈছে প্ৰায় ৪০ গৰাকী লোকৰ । ইয়াৰ লগে লগে অসুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত একাংশ লোকে সমগ্ৰ ঘটনাক গোপনে ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগো উত্থাপন হৈছে। আনকি মৃতকৰ পৰিয়ালে গোপনে অন্ত্যেষ্টিক্ৰিয়াও সম্পন্ন কৰিছিল। কিন্তু লাহে লাহে এই কথা মুকলিকৈ প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই বিষাক্ত সুৰা সেৱন কৰি ৮ গৰাকী লোকে দৃষ্টিশক্তিও হেৰুৱাইছে। বৰ্তমান সদৰ চিকিত্‍সালয়ত ১১ গৰাকী লোক চিকিত্‍সাধীন হৈ আছে। উল্লেখ্য যে ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী অধীক্ষকে তুৰ্কৌলিয়া, হৰসিদ্ধি, পাহাৰপুৰ, সুগৌলি আৰু ৰঘুনাথপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিলম্বন কৰিছে। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.