আজি বিশ্ব লিভাৰ দিৱস!

আপুনি জানেনে লিভাৰ দিৱস কি?

নিউজ ডেস্ক:

পুনি জানেনে লিভাৰ দিৱস কি? জানো আহক লিভাৰে মানৱ শৰীৰত ক’ত প্ৰভাৱ পেলায়!

আজি বিশ্ব লিভাৰ দিৱস। লিভাৰ হৈছে আমাৰ জীৱৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ। এই কাৰণে লিভাৰ দিৱস পালন কৰা হয় যাতে লিভাৰৰ প্ৰতি জনসাধাৰণক সজাগতা বৃদ্ধি কৰিব পৰা যায়। লিভাৰৰ গুৰুত্ব জনসাধাৰণৰ মাজত বঢ়াবৰ বাবে লিভাৰ দিৱস পালন কৰা হয় প্ৰতি বছৰৰ ১৯ এপ্ৰিল তাৰিখে। লিভাৰে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহক বাহিৰ কৰাত সহায় কৰে।কেৱল এইয়ে নহয় লিভাৰে আমাৰ শৰীৰত খাদ্য পচোৱাত সহায় কৰাৰ লগতে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

লিভাৰ দিৱস পালন কৰাৰ লক্ষ্য হৈছে লিভাৰৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত হোৱা সাধাৰণ মৃত্যু ১০%য়ে হৈছে লিভাৰৰ সমস্যাজনিত ।লিভাৰজনিত সমস্যা বা বেমাৰে পাচন তন্ত্ৰতো প্ৰভাৱ পেলায়। আনহাতে লিভাৰৰ সমস্যাই ছাল, মাংসপেশী হৃদয় তথা মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পেলায়।।

You might also like
Leave A Reply

Your email address will not be published.