বেইজিঙত ভয়ংকৰ অগ্নিকাণ্ড!

অগ্নিকাণ্ডত মৃত্যু কমেও ২১ গৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

চীনৰ ৰাজধানী চহৰ বেইজিঙত ভয়ংকৰ অগ্নিকাণ্ড। ৰাজধানী চহৰখনৰ চাংফেং হাস্পতালত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যু হয় কমেও ২১ গৰাকী লোকৰ।

খবৰ অনুসৰি, চিকিৎসালয়খনৰ আন্তঃৰোগী বিভাগৰ ইষ্ট উইঙত সংঘটিত হয় অগ্নিকাণ্ড। মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ১২:৫৭ বজাত সংঘটিত হয় ঘটনাটো। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ কৰে মুঠ ৭১ গৰাকী লোকক। স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত জুই নিৰ্বাপিত কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এই পৰ্যন্ত নিশ্চিত হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.