আজি ১৯ এপ্ৰিল

▶️১৭৭২ চনৰ আজিৰ দিনটোতেই অৰ্থনীতিবিদ ডেভিদ ৰিকাৰ্ডোৰ জন্ম হৈছিল।
▶️১৭৭৫ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ উত্তৰাঞ্চলত স্বাধীনতা যুদ্ধ আৰম্ভ।
▶️১৮২৪ চনৰ এই দিনটোতেই ইংৰাজ কবি বাইৰনৰ (সম্পূৰ্ণ নাম জৰ্জ (গৰ্ডন) বাইৰন) মৃত্যু হৈছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই কলকাতাৰ ইডেন হস্পিতালত ভাৰতৰ প্ৰথমখন প্ৰসূতি সদন মুকলি।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই ইংৰাজ প্ৰকৃতিবিদ, পৰীক্ষামূলক জীৱবিদ্যাৰ অগ্ৰদূত চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ মৃত্যু হৈছিল। প্ৰাণীজগতৰ বিৱৰ্তন তত্ত্বৰ উদ্ভাৱক ডাৰউইনৰ ‘অৰিজিন অব স্পেচিছ’ শীৰ্ষক গ্ৰন্থখন প্ৰাণীৰ বিৱৰ্তন তত্ত্বৰ প্ৰামাণ্য গ্ৰন্থ।
▶️১৯০৬ চনৰ আজিৰ দিনটোতেই ৰসায়ন বিজ্ঞানী পীয়েৰ কুৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ১৯৩০ চনত ৰেডিয়াম আৱিষ্কাৰৰ বাবে পীয়েৰ কুৰীয়ে পত্নী মেৰী কুৰীৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৯ চনৰ এই দিনটোতেই ফৰাচী কিশোৰী শ্বহীদ জোৱান অব আৰ্কক ছেইণ্ট ঘোষণা।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই খালী চকুৰে প্ৰথমবাৰৰ বাবে হেলীৰ ধূমকেতু দৃষ্টিগোচৰ হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই বাঘ চিকাৰী, লেখক জিম কৰবেটৰ মৃত্যু হৈছিল।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্য্যভট্টক মহাকাশলৈ উৎক্ষেপণ। ৩৬০ কিলোগ্ৰাম ওজনৰ আৰ্য্যভট্ট দহ বছৰ কাৰ্যক্ষম হৈ থাকিব বুলি আশা কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ মাত্ৰ পাঁচ দিন পিছতে ই বিকল হৈ পৰে আৰু ক্ৰমশঃ পৃথিৱীৰ লগত কোনো সক্ৰিয় যোগাযোগ নোহোৱা হৈ যায়।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই ছোভিয়েট মহাকাশযান ছেলুইট-৭ মহাকাশলৈ উৎক্ষেপণ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই যোচেফ ৰেটজিংগাৰৰ ৰোমান কেথলিক ধৰ্মৰ ধাৰ্মিক নেতা(পোপ) ৰূপে শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.