এছিয়াত নিৰ্মাণ আটাইতকৈ দীঘল সুৰংগ!

জানো আহঁক নিৰ্মীয়মান জোজিলা সুৰংগৰ বিষয়ে...

নিউজ ডেস্ক:

ছিয়াত নিৰ্মাণ আটাইতকৈ দীঘল সুৰংগ! জানো আহঁক নিৰ্মীয়মান জোজিলা সুৰংগৰ বিষয়ে…

ভাৰতত নিৰ্মাণ কৰা হৈছে এছিয়াৰ এটা বৃহৎ সুৰংগ৷ বৰ্তমানেও নিৰ্মীয়মান অৱস্থাত থকা সুৰংগটোৰ নাম হৈছে জোজিলা সুৰংগ৷ তথ্য অনুসৰি সাগৰ পৃষ্ঠৰ পৰা ১১,৫০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগটোৱে কাশ্মীৰক দেশৰ আন ঠাইসমূহৰ সৈতে সংযোগ কৰিব। সুৰংগটোৱে দেশৰ দূৰৱৰ্তী অঞ্চল,যেনে লাডাখত উপনীত হোৱাটো সহজ কৰি তোলাৰ সমান্তৰালকৈ জোজিলা পাছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব।

শ্ৰীনগৰ-কাৰ্গিল-লেহ ঘাইপথৰ সুৰংগটো জোজিলা পাছৰ মাজেৰে পাৰ হ’ব। সুৰংগ প্ৰকল্পটোৱে কৌশলগত দৃষ্টিকোণৰ পৰা গুৰুত্ব বহন কৰিছে। কিয়নো শীতকালত হোৱা প্ৰচণ্ড তুষাৰপাতৰ বাবে ঘাইপথটো বন্ধ হৈ যায়, যাৰ ফলত কাশ্মীৰ উপত্যকাৰ পৰা লাডাখ অঞ্চল বিচ্ছিন্ন হৈ পৰে। সুৰংগটোৰ নিৰ্মাণকাৰ্য সমাপ্ত হ’লে যিকোনো প্ৰতিকুল বতৰতো যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিব পৰা যাব।

এই সুৰংগটো পাৰ হ’বলৈ আঢ়ৈ ঘণ্টা সময়ৰ দূৰত্ব মাত্ৰ ১৫ মিনিটত সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ ৩ ঘণ্টা ১৫ মিনিট সময় ৰাহি কৰিব। সুৰংগটোৰ ভিতৰত প্ৰতি ১২৫ মিটাৰত, জৰুৰীকালীন ফোন কলৰ সুবিধাও থাকিব।।

You might also like
Leave A Reply

Your email address will not be published.