ৰঙালী বিহুৰ উছাহৰ মাজতে গুৱাহাটীত আৰক্ষীৰ অভিযান!

নিশা মহানগৰীৰ হাউছফেডৰ পৰা উদ্ধাৰ অপহৃত দুজন ব্যৱসায়ীক

নিউজ ডেস্ক:

ঙালী বিহুৰ উছাহৰ মাজতে গুৱাহাটীত আৰক্ষীৰ অভিযান। যোৱা নিশা মহানগৰীৰ হাউছফেডৰ পৰা উদ্ধাৰ অপহৃত দুজন ব্যৱসায়ীক। উদ্ধাৰ হোৱা দুই ব্যৱসায়ী ডিমাপুৰৰ কানহাইয়া সিং আৰু উত্তম জয়ছৱাল বুলি জানিব পৰা গৈছে। যোৱা ১৪ এপ্ৰিলত হাতীগাঁৱৰ পৰা ড্ৰাগছ ব্যৱসায়ৰে জড়িত বুলি অভিযুক্ত ফাৰুক আহমেদে অপহৰণ কৰাৰ সন্দেহ আৰক্ষীৰ।

খবৰ অনুসৰি গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা অপহৰণ কৰি গুৱাহাটীৰ হাতীগাঁৱৰ হাউছফেড পথৰ এটা কোঠাত ৰখা হৈছিল দুই ব্যৱসায়ীক। মুক্তিৰ বাবে ১০ লাখ টকা মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে। ইফালে সন্দেহযুক্ত ড্ৰাগছ মাফিয়া ফাৰুক পলাতক অৱস্থাত আছে। মহানগৰ আৰক্ষীয়ে ফাৰুকৰ পত্নী অলি দেৱী নাথক এই অপহৰণকাণ্ড সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.