অগ্নিগৰ্ভা মণিপুৰত সান্ধ্য আইন জাৰি!

নিউজ ডেস্ক:

নিপুৰৰ চোৰাছান্দপুৰ জিলাত উত্তপ্ত পৰিস্থিতি। পুৱা ৮ বজাৰ পৰা ITLFৰ ৮ ঘণ্টীয়া জিলা বন্ধ ঘোষণা। বন্ধৰ প্ৰাক সন্ধ্যা চোৰাছান্দপুৰত সৃষ্টি হয় উত্তেজনাৰ। বনাঞ্চল সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ নামত জনজাতিসকলক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ একাংশৰ। ইম্ফলত তিনিটাকৈ গিৰ্জাক অবৈধ ঘোষণা কৰি ভাঙি পেলোৱাত ক্ষুব্ধ জনতাই জ্বলাই দিয়ে মনিপুৰৰ চোৰাছান্দপুৰ জিলাৰ নিউ লামকাত পিটি স্পৰ্টচ কমপ্লেক্সত নৱনিৰ্মিত এটা ৰাজহুৱা জিমখানা। উক্ত জিমখানাটো আজি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উদ্বোধন কৰাৰ কথা আছিল। বৃহস্পতিবাৰে নিশাৰভাগত সংঘটিত এই ঘটনাৰ পাছতে ৰাজ্যখনত জাৰি কৰা হৈছে সান্ধ্য আইন। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।।

You might also like
Leave A Reply

Your email address will not be published.