Assam | দেৱৰ্ষি নাৰদ জয়ন্তীৰ বঁটা: Devarshi Narada Jayanti Award

Devarshi Narada Jayanti Award

 

গুৱাহাটী: সাংবাদিকতাত ভুলতকৈও ডাঙৰ বিপদ অৰ্ধসত্যৰ প্ৰকাশ আৰু বিচাৰ। নাৰদ জয়ন্তীত মূল ভাষণ প্ৰদান কৰি এই বিশেষ মন্তব্য দিল্লীৰ দূৰদৰ্শন কেন্দ্ৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা সাংবাদিক প্ৰখৰ শ্ৰীবাস্তৱৰ।

৭ জুন দেওবাৰে বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত আয়োজিত নাৰদ জয়ন্তীত প্ৰদান কৰা হয় দেৱৰ্ষি নাৰদ বঁটা তথা সম্বৰ্ধনা অনুষ্ঠান। এইবাৰ দেৱৰ্ষি নাৰদ বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ সাংবাদিক তথা ঈষাণ দৰ্পণৰ সম্পাদক নৱ ঠাকুৰীয়াক। ৩ যুৱ সাংবাদিক এন কে টিভিৰ জ্যেষ্ঠ সাংবাদিক লক্ষ্যজ্যোতি গোহাঁই , প্ৰথম খবৰৰ ছীফ ৰিপ’ৰ্টাৰ ৰঞ্জিতা ৰাভা আৰু দৈনিক অসমৰ উপ সম্পাদক মৃদুল হালৈক জনোৱা হয় নাৰদ জয়ন্তীৰ বিশেষ সম্বৰ্ধনা।

গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত আয়োজিত অনুষ্ঠানত সাম্প্ৰতিক সামাজিক–ৰাজনৈতিক পৰিস্থিতি আৰু অতীতত এইক্ষেত্ৰত হোৱা ভুলৰ বিষয়ে তথ্যপূৰ্ণ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে প্ৰখৰ শ্ৰীবাস্তৱে। সম্প্ৰতি শতবৰ্ষ পালন কৰি থকা ৰাষ্ট্রপতি সংগঠন আৰ এছ এছ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্ৰীবাস্তৱে। ‘সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত সংঘৰ প্ৰতি সংবাদ মাধ্যমে ইতিবাচক দৃষ্টিভংগী ল’লেও অতীতত এয়া আছিল দুৰ্লভ।

১৯২৫ চনত স্থাপন হোৱা সংঘৰ প্ৰতি সংবাদ মাধ্যমে সামান্য দৃষ্টি দিয়াৰ সময়তে দেশ সন্মুখীন হৈছিল বিভাজনৰ। সি সময়ত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে টালি–টোপোলা লৈ ভাৰতলৈ আহিছিল, সেই সময়ত সিন্ধ প্ৰদেশত সংঘৰ স্বয়ংসেৱকে মৌলবাদীৰ আক্ৰমণৰ বলি হিন্দু, শিখ আদিক উদ্ধাৰৰ বাবে জীৱনৰ জুৱা খেলিছিল’। স্বাধীনতাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী বলদেৱ সিঙে গৃহমন্ত্ৰী বল্লভভাই পেটেললৈ লিখা পত্ৰৰ বিশেষ উল্লেখ কৰে প্ৰখৰ শ্ৰীবাস্তৱে। বিভাজনৰ পাছত পাকিস্তানত বিপদৰ সন্মুখীন হোৱা লোকক উদ্ধাৰৰ বাবে সংঘই কৰা প্ৰচেষ্টাক চৰকাৰে সহযোগ কৰাৰ আহ্বান জনাই লিখা পত্ৰখন কেবিনেটত উত্থাপনৰ পৰামৰ্শ দিছিল চৰ্দাৰ পেটেলে। কিন্তু এনে ঘটনাই প্ৰধানমন্ত্ৰী নেহৰুৰ মনত দুৰ্ভাগ্যক্ৰমে সৃষ্টি কৰিছিল বিদ্বেষৰ ভাব।

গান্ধী হত্যাৰ অভিযোগতকৈও পাকিস্তানত সংঘই কৰা উদ্ধাৰ অভিযানত বিতুষ্ট হৈহে নেহৰুৱে নিষেধাজ্ঞা জাৰি কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰখৰ শ্ৰীবাস্তৱে। ‘স্বাধীন ভাৰতত গান্ধী হত্যাক কেন্দ্ৰীয় কৰি হৈছিল প্ৰথম গণ নিগ্ৰহৰ ঘটনা। এই গণ নিগ্ৰহ প্ৰথম কৰিছিল তথাকথিত একাংশ গান্ধীবাদীয়ে, প্ৰথম বলি হৈছিল ড০ নাৰায়ণ সাভাৰকাৰ আৰু বীৰ সাভাৰকাৰৰ পৰিয়াল হৈছিল দেশৰ প্ৰথম গণ নিগ্ৰহৰ মূল্য দিয়া পৰিয়াল’।

অসমত চাদুল্লা দিনৰ পৰা হোৱা প্ৰব্ৰজন, জনগাঁথনি পৰিৱৰ্তন, মইনুল হক–ফকৰুদ্দিন আলী আহমেদ আদিৰ ভূমিকা সন্দৰ্ভতো মন্তব্য কৰে প্ৰখৰ শ্ৰীবাস্তৱে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত নগদ ৫০ হাজাৰ টকা, চেলেং, মানপত্ৰ, দেশমাতৃৰ ফটো, কিতাপৰ টোপোলাৰে ‘দেৱৰ্ষি নাৰদ বঁটা’ প্ৰদান কৰা হয় নৱ ঠাকুৰীয়াক। প্ৰশ্ন উত্থাপন আৰু গুণগ্ৰাহী পৰামৰ্শৰে আকৰ্ষণ সৃষ্টি কৰা নাৰদ আজি সাংবাদিকতাৰ পাথেয় বুলি মন্তব্য কৰে ঠাকুৰীয়াই।

পৌৰাণিক চৰিত্ৰ নাৰদৰ গ্ৰহণযোগ্যতা আজিৰ সাংবাদিকতাত অতি জৰুৰী বুলি উল্লেখ ঠাকুৰীয়াৰ। বিদেশৰ ইনষ্টিটিউচনেল জাৰ্নেলিজমৰ ব্যক্তিকেন্দ্ৰিক ব্যৱস্থাই ভাৰতৰ সংস্কৃতি, প্ৰকৃতিকেন্দ্ৰিত বাতৰিত ক্ষতি কৰা বুলি মন্তব্য ঠাকুৰীয়াৰ।

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব সংবাদ কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱমে জ্ঞান আৰু দোষ নিৰ্মূলকাৰী দেৱৰ্ষি নাৰদৰ বিষয়ে চমু অৱলোকন কৰে। নাৰদৰ ৮৪টা ভক্তি সূত্ৰৰ গৱেষণাই বৰ্তমানৰ সাংবাদিকতাৰ লক্ষ্য, উদ্দেশ্যক সমৃদ্ধ কৰিব পাৰে বুলি মন্তব্য শিৱমৰ।

অনুষ্ঠানত স্মৰণিকা উন্মোচন হোৱাৰ লগতে ত্ৰিবেণী বুজবৰুৱাই পৰিৱেশন কৰে মনোগ্ৰাহী সৰস্বতী বুজন বন্দনা অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰৰ সভাপতি ড০ গৌৰাংগ শৰ্মায়ো বক্তব্য প্ৰদান কৰে। নৱ বুজবৰুৱাই আঁত ধৰা সভাত শলাগৰ শৰাই আগবঢ়ায় গুৰুপ্ৰসাদ মেধিয়ে। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.