ASSAM| মুখ্য়মন্ত্ৰীয়ে বিতৰণ কৰিলে বিভিন্ন মন্ত্ৰীৰ দপ্তৰ: The Chief Minister distributed the portfolios of various ministers

গুৱাহাটী,৮ জুন ২০২৬ঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ শপতগ্ৰহণ কৰা ১২ গৰাকীৰ মাজত দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হাতত থাকিব। গৃহ আৰু ৰাজনৈতিক, লোক নিৰ্মাণ (বিল্ডিং, ৰাষ্ট্ৰীয় ঘাইপথ, পথ), শক্তি, তথ্য আৰু জনসংযোগ, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী আৰু আন মন্ত্ৰীক অৰ্পন নকৰা বিভাগসমূহ।

মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক দিয়া হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব। মন্ত্ৰী অশোক সিংহলৰ দায়িত্বত থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগ। মন্ত্ৰী বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট পলিচি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ দায়িত্বত থাকিব হস্ততাঁত, বস্ত্ৰ শিল্প, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দায়িত্বত থাকিব বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ বিভাগ।
মুখ্য়মন্ত্ৰীয়ে বিতৰণ কৰিলে বিভিন্ন মন্ত্ৰীৰ দপ্তৰ: The Chief Minister distributed the portfolios of various ministers

https://adtu.in/
ADVERTISEMENT

মন্ত্ৰী কৌশিক ৰায়ক খাদ্য ৰাজহুৱা বিতৰণ আৰু  গ্ৰাহক পৰিক্ৰমা, হাউছিং আৰু নগৰ পৰিক্ৰমা, সমবায় বিভাগৰ দায়িত্ব অৰ্পন কৰিছে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব। মন্ত্ৰী কৃষ্ণেন্দু পালক দিয়া হৈছে জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা, বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব।

মন্ত্ৰী নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগ, মন্ত্ৰী পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগ, মন্ত্ৰী ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতি পৰিক্ৰমা (ভৈয়াম), তথ্য প্ৰযুক্তি বিভাগ আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁইক- জলসম্পদ, ন্যায় বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে।  ইয়াৰ পূৰ্বে মন্ত্ৰী ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, মন্ত্ৰী অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আবকাৰী বিভাগ, মন্ত্ৰী চৰণ বড়োক  পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু মন্ত্ৰী অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন, পৰ্যটন বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

 

 

You might also like
Leave A Reply

Your email address will not be published.