নামতি শ্বহীদ পিয়লি ফুকন কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ

নামতি শ্বহীদ পিয়লি ফুকন কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ । আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে শিক্ষাৰ্থীসকল । প্লাষ্টিকৰ পুনব্যৱহাৰৰ যোগেদি পৰিৱেশ সুৰক্ষাৰ অনন্য নিদৰ্শন দেখুৱাইছে শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ এই সকল ছাত্ৰ -ছাত্ৰীয়ে । পেলনীয়া সামগ্ৰীৰ সমূহক কিদৰে সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা যায় তাৰে নিদৰ্শন দেখুৱাইছে এই সকল ছাত্ৰ- ছাত্ৰীয়ে। পেলনীয়া প্লাষ্টিকৰ বটল, চিপ্চৰ পেকেট, পলিথিন, পানী ফিল্টাৰৰ পুৰণি বালি আৰু চিমেণ্টৰ সহায়ত নিৰ্মাণ কৰিছে বেঞ্চ, ফুলৰ টাবকে ধৰি বিভিন্ন সামগ্ৰী। ৰাষ্ট্ৰীয় সেৱা আচনিৰ জৰিয়তে এই ইতিবাচক পদক্ষেপ হাতত লোৱা শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ এইসকল ছাত্ৰ-ছাত্ৰীয়ে বিগত ৬ টা মাহ ধৰি নিজকে ব্যস্ত ৰাখিছে এনে ব্যতিক্ৰমী কৰ্মৰ জৰিয়তে । শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ এই সকল ছাত্ৰ -ছাত্ৰী বহুতৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে।

You might also like
Leave A Reply

Your email address will not be published.