আজি ১ আগষ্ট

১৪৯৮ খ্ৰীষ্টফাৰ কলম্বাছৰ দক্ষিণ আমেৰিকাৰ মূল ভূ- ভাগ আৱিষ্কাৰ ।
১৯১৬ এনী বেছান্টৰ হোম ৰুল লীগ আন্দোলন আৰম্ভ ।
১৯২০ স্ৱাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ মৃত্যু । ‘স্ৱৰাজ মোৰ জন্মস্ৱত্ৱ’ শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত ।
১৯২০ মহাত্মা গান্ধীৰ নেতৃত্ৱত আনুষ্ঠানিকভাৱে ভাৰতত অসহযোগ আন্দোলন আৰম্ভ ।
১৯৩৬ বাৰ্লিনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ । এই সমাৰোহ ১৬ আগষ্টলৈকে চলে ।
১৯৪৬ ইংৰাজ সাহিত্যিক এইচ জি ৱেল্ছৰ মৃত্যু ।
১৯৫৭ নতুন দিল্লীত নেচনেল বুক ট্ৰাষ্ট গঠন ।
১৯৬০ পশ্চিম আফ্ৰিকাৰ দেশ বেনিনৰ স্ৱাধীনতা লাভ । সেই সময়ত দেশখনৰ নাম আছিল ডেছোমি । ১৯৭৫ চনত ইয়াৰ নাম হয়গৈ বেনিন ।
১৯৭৫ যাত্ৰীবাহী উৰাজাহাজৰ প্ৰথমগৰাকী মহীলা পাইলট ৰূপে দুৰ্বা বেনাৰ্জীৰ কাৰ্যভাৰ গ্ৰহণ ।
১৭৪৪ ফৰাচী জীৱবিজ্ঞানী লেমাৰ্কৰ জন্ম ।
১৯৮৭ মক্কাত ২০০ জন ইৰানী হজযাত্ৰীৰ মৃত্যু ।
১৯৮৬ ভাৰতৰ স্পীড পোষ্ট বা দ্ৰুত ডাকসেৱা আৰম্ভ ।
১৯৯৯ বৰ্ষীয়ান ভাৰতীয় সাহিত্যিক নিৰোদ চি চৌধুৰীৰ মৃত্যু ।

You might also like
Leave A Reply

Your email address will not be published.