IWTৰ অভিযন্তা সহ ৩ কৰ্মচাৰীক নিলম্বন

বৃহস্পতিবাৰে নিমাতি-কমলাবাৰী ফেৰীৰ পৰা এজন লোকে জাপ দিছিল ! কিন্তু সেই ব্যক্তি জনৰ এতিয়ালৈকে কোনো পৰিচয় দিবলৈ সক্ষম নহ’ল অভ্যন্তৰীণ জল পৰিবহন বিভাগ।বিভিন্ন সময়ত বাৰম্বাৰ এই বিভাগকলৈ প্ৰশ্ন উৎৰ্থাপন হৈ থাকে।যাত্ৰীৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ দ্বায়িত্ব দিয়া হৈছিল যদিও সম্পূৰ্ণ ব্যৰ্থ হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগ।অনলাইন পদ্ধতিৰে টিকট কটাৰ ব্যৱস্থাৰ পিছত যাত্ৰীৰ সম্পূৰ্ণ পৰিচয় বিভাগৰ হাতত থাকে যদিও কালি ফেৰীৰ পৰা জাঁপ দিয়া ব্যক্তিজনৰ পৰিচয় দিব পৰা নাই এই বিভাগটোৱে। যাৰ বাবে বিভাগৰ এজন কনিষ্ঠ অভিযন্তা সহ ৩জন কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নিলম্বিত কনিষ্ঠ অভিযন্তা জনৰ নাম অসীম বৰুৱা।।

You might also like
Leave A Reply

Your email address will not be published.