অসমীয়া চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ “নেলীৰ কথা”ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ “ৰূপালী কৈলাশ বঁটা” লাভ

"নেলীৰ কথা"ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ "ৰূপালী কৈলাশ বঁটা" লাভ

নিউজ ডেস্ক:

অসমীয়া চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ “নেলীৰ কথা”ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ “ৰূপালী কৈলাশ বঁটা” লাভ। সদ্য সমাপ্ত নৱম অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ এই বঁটা। বিগত ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চিনেমাৰ প্ৰতিযোগিতা শাখাত মুঠ ৯ খন চিনেমা নিৰ্বাচন হৈছিল। পাৰ্থজিৎ বৰুৱাৰ এই চিনেমাখন ভাৰতীয় প্ৰতিযোগিতা শাখাত আন ৮ খন চিনেমা ‘লৰ্কাণ’, ‘বাৰ্লিন’, ‘টৰণ্টো’, ‘ৰটাৰড্ৰাম’ আদিৰ প্লেটফৰ্মত প্ৰিমিয়াৰ হোৱা চিনেমাৰ সৈতে “নেলীৰ কথা” চিনেমাখনে এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় প্ৰতিযোগিতা শাখাত নিৰ্বাচিত হোৱাটোৱে প্ৰতিযোগিতাৰ মানদণ্ডৰ কথাকে বুজায়।
আনহাতে এই বঁটা তেওঁৰ বাবে এক সন্মান বুলি অভিহিত কৰে পৰিচালক পাৰ্থজিৎ বৰুৱাই। জানুৱাৰী ৭ তাৰিখে কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “নেলীৰ কথা” চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায় বুলি জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.