ধৰ্ষণৰ অভিযোগত ৮ বছৰৰ কাৰাদণ্ড প্ৰদান এজন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটাৰক!

এগৰাকী ১৮ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এই শাস্তি প্ৰদান

স্প’ৰ্টছ ডেস্ক:

ৰ্ষণৰ অভিযোগত ৮ বছৰৰ কাৰাদণ্ড প্ৰদান এজন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটাৰক।২০২২ চনত কাঠমাণ্ডুৰ এখন হোটেলত এগৰাকী ১৮ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এই শাস্তি প্ৰদান কৰা হয় ক্ৰিকেটাৰজনক।

নেপালৰ ক্ৰিকেটাৰ সন্দীপ লামিচানেক কাঠমাণ্ডু জিলা আদালতে বুধবাৰে ধৰ্ষণৰ অপৰাধত ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা বছৰৰ ৩০ ডিচেম্বৰত আদালতে ১৮ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল লামিচানেক। খবৰ মতে, ক্ৰিকেটাৰজনক ৩ লাখ টকা জৰিমনা বিহাৰ লগতে ক্ৰিকেটাৰজনক ২ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হয়।

২৩ বছৰীয়া লামিচানে নেপালত ক্ৰিকেটৰ মুখ হিচাপে বহুলভাৱে পৰিচিত আছিল। লেগ স্পিনাৰ হিচাপে লামিচানেৰ কৃতিত্বই হিমালয়ান ৰাষ্ট্ৰখনত ক্ৰিকেট খেলক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে । ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ হৈ খেলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলা প্ৰথমজন নেপালৰ খেলুৱৈ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.