আজি ১১ জানুৱাৰী

আজি ১১ জানুৱাৰী

➡️১৬১৩ মোগল সম্রাট জাহাংগীৰৰ ইষ্ট ইণ্ডিয়া কোম্পানীক ছুৰাটত কাৰখানা স্থাপনৰ অনুমতি প্রদান।
➡️১৯২৮ ইংৰাজ কবি-সাহিত্যিক টমাছ হার্ডিৰ মৃত্যু।
➡️১৯৫৫ মধ্য প্রদেশৰ নেপা নগৰত স্থাপিত ভাৰতৰ প্ৰথমটো নিউজপ্রিন্ট কাৰখানাত উৎপাদন আৰম্ভ।
➡️১৯৬৬ ৰাছিয়াৰ তাছখণ্ডত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু। এই বছৰতেই তেওঁলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ‘ভাৰতৰত্ন’ সন্মান।
➡️গুলজাৰিলাল নন্দ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী। ২৪ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮২ বিৰলা গোষ্ঠীৰ অন্যতম প্রতিষ্ঠাতা শিল্পপতি ব্রিজমোহন বিৰলাৰ ৭৬ বছৰ বয়সত মৃত্যু। ২০০৩ দুই শতাধিক হাতীৰ অংশগ্রহণেৰে কাজিৰঙাত হস্তী মহোৎসৱ আৰম্ভ।
➡️২০০৫ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নিৰ্বাচন।
➡️নগাঁৱত প্রথম বাণিজ্য মেলা উদ্বোধন।
➡️মেক্সিকোৰ ‘পপ’ কেটেপেট্ল’ আগ্নেয়গিৰিৰ উদগিৰণ।

You might also like
Leave A Reply

Your email address will not be published.