অশান্তজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফল অভিযান

চুৰাচান্দপুৰ আৰু টেংগনৌপাল জিলাত নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত উদ্ধাৰ কৰে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ

নৰ্থ-ইষ্ট ডেস্ক:

অশান্তজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফল অভিযান। চুৰাচান্দপুৰ আৰু টেংগনৌপাল জিলাত নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত উদ্ধাৰ কৰে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। অভিযানকালত নিৰাপত্তা বাহিনীয়ে এ কে-৫৬ ৰাইফল, হেণ্ড গ্ৰেনেড, কাৰবাইন ৰাইফলকে ধৰি জব্দ কৰে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ।

খবৰ অনুসৰি, ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তাৰক্ষীয়ে জব্দ কৰে ১টা মেগজিনযুক্ত কাৰ্বাইন, ১টা থলুৱাভাৱে নিৰ্মিত ৯ এম এম পিষ্টল, এটা মেগজিন, ৫টা এনলীয়া বন্দুক। লগতে অভিযানকালত নিৰাপতাৰক্ষীয়ে জব্দ কৰে ১টা কন্দুৱা গেছ বন্দুক, ৮টা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, ২৬টা ৰবৰৰ গুলী, ১টা এছ এল আৰ মেগজিন, ৬টা টিয়াৰ গেছৰ খোলা, ৫.৫৬ মিলিমিটাৰৰ ৪টা গুলী, ৯ মিলিমিটাৰৰ ৪টা গুলী, ২০টা .৩০ মিলিমিটাৰ এম১ কাৰ্বাইন। আনহাতে টেংগন’পাল জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে জব্দ কৰে ১টা আনচাৰ্ভিচেবল এ কে-৫৬ ৰাইফল, ৫টা থলুৱভাৱে নিৰ্মিত শ্বটগান, ৪টা হেণ্ড গ্ৰেনেড, ১৫টা ৫.৫৬ এম এম গোলাবাৰুদ, ১১টা এ কে-৫৬ ৰ গোলাবাৰুদ। লগতে ৪টা বি পি পাউচ, ১টা আনচাৰ্ভিচেবল ৯ এম এম পিষ্টল, ১টা থলুৱাভাৱে নিৰ্মিত .৩০৩ ৰাইফল, ১টা থলুৱাভাৱে নিৰ্মিত মৰ্টাৰ, ৫টা থলুৱাভাৱে নিৰ্মিত বোমা, ৪টা আই ই ডি, ৬২টা বোমা নিৰ্মাণৰ বাবে সম্ভাৱ্য ধাতুৰ টুকুৰা, ২টা এম ১৬ মেগাজিন, ৭ শ্বটগান ৰাউণ্ড, ১টা পেঞ্চিল চেল চাৰ্জাৰ, ১টা এ কে-৪৭ মেগজিন, এটা ৯ এম এম মেগজিন আৰু থলুৱাভাৱে নিৰ্মিত .৩০৩ মেগজিন জব্দ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.