গুৱাহাটী স্মাৰ্ট চিটিত স্মাৰ্ট দলং

ব্ৰহ্মপুত্ৰৰ পাৰত দলঙৰ ওপৰত উদ্যান ।

আপোনাৰ বাবে হ’ব মনোৰঞ্জনস্থলী ।

আপোনজনৰ লগত উপভোগ কৰিব পাৰিব সময় ।

গুৱাহাটী স্মাৰ্ট চিটিয়ে আই ডি টি ৰ সহযোগত উত্তৰ পূবৰ প্ৰথমখন বৃহৎ দলং নিৰ্মাণ কৰি আছে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত । ২০২২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰিছিল দলংখনৰ নিৰ্মাণৰ কাম আৰু আঠমাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব দলংখন  । দলংখন উজানবজাৰৰ পাচলি বজাৰৰ পৰা আৰম্ভ হ’ব আৰু ডি চি বাংলাত শেষ হ’ব । প্ৰায় ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন মনোৰঞ্জনস্থলী হিচাপে অত্যাধুনিক সৌন্দৰ্যৰে ভৰাই তোলা হ’ব, য’ত থাকিব সুন্দৰ উদ্যান । ইয়ালৈ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে আহি উপভোগ কৰিব পাৰিব সুন্দৰ সময় । দলংখনত বাহন যোৱাৰ কোনো সুবিধা ৰখা নাই । মাথোঁ খোজ কঢ়াৰহে সুবিধা থাকিব । আঠখনকৈ মূল দুৱাৰ ৰখা হ’ব দলংখনৰ । অসমকে ধৰি সাতভনী ৰাজ্যৰ চিহ্ন থাকিব ইয়াত । নিজ নিজ ৰাজ্যৰ লোকসকলে আহি নিজৰ প্ৰৱেশ দুৱাৰেদি প্ৰৱেশ কৰিব পাৰিব ইয়াত । দলংখনেৰে আপুনি নদীৰ পাৰলৈ নামি যাব পৰাৰ সুবিধা থাকিব । দলংখন প্ৰাকৃতিক পৰিবেশত যোগাসন কৰা সকলৰ বাবেও গুৰুত্বপূৰ্ণ হ’ব আৰু কিছু মাহৰ পিছতেই আৰু বহু অত্যাধুনিক সৌন্দৰ্যৰে পৰিপূৰ্ণ হৈ উঠিব উত্তৰ-পূবৰ প্ৰথমখন মনোৰঞ্জনস্থলীসম্পন্ন দলং ।

You might also like
Leave A Reply

Your email address will not be published.