সোনাৰিত ধুমুহা বতাহত ক্ষতিগ্ৰস্তক চৰকাৰী সাহায্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ। ধুমুহা বতাহত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানত অনিয়ম হোৱাৰ অভিযোগ ৰাইজৰ। এই সন্দৰ্ভত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। চৰাইদেউৰ সোনাৰি সমষ্টিত ২৭ এপ্ৰিল তাৰিখে সমষ্টিটোৰ বহু অঞ্চলত ধুমুহা বতাহে বিস্তৰ ক্ষতিসাধন কৰিছিল। বহু পৰিয়ালৰ বাসগৃহ ভাঙি পৰাত গৃহহীন হৈছিল।
সমষ্টিটোৰ ধুমুহা বতাহত ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুজিৰ পৰা এককালিন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত বহু পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ধ্বংস হোৱাৰ পাছতো ফুটা কড়ি এটাও নোপোৱাৰ অভিযোগ ৰাইজৰ।
ইফালে বহু লোকৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি পৰা পাছত ৪ হাজাৰ পোৱাৰ বিপৰীতে এখন টিন বা গাড়ী গেৰেজ, গোহালি ভঙা পৰিয়ালে পাইছে ১ লাখৰ পৰা ১লাখ.২০ হাজাৰ পৰ্যন্ত ধন পাবলৈ সক্ষম হোৱাত ৰাইজৰ মাজত ক্ষোভৰ উদগিৰণ। দৰিদ্ৰ দিন হাজিৰা কৰা হিতাধিকাৰীৰ বিপৰীতে ধনী পৰিয়ালে লাভ কৰিছে অনুদান এই অভিযোগ ৰাইজৰ । ঘটনাৰ উচিত তদন্ত বিচাৰি চৰাইদেউ জিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।