বৰপেটাত দিব্যাংগ মহিলা সন্ধানহীন

বিগত ১৭ দিনে সন্ধান নাই অন্ধ মহিলাগৰাকীৰ

বৰপেটাৰোডৰ পৰা এগৰাকী মহিলা সন্ধানহীন । বিগত ১৭ দিনে সন্ধান পোৱা নাই দেলবাৰা খাতুন নামৰ অন্ধ মহিলাগৰাকীৰ । যোৱা ২৩ জুনৰ ৰাতিপুৱা ১০ বজাৰ পৰাই বৰপেটাৰোড বজাৰৰ পৰা সন্ধানহীন হৈ আছে খৈৰাবাৰীৰ দেলোৱাৰা খাতুন নামৰ ৩৫ বছৰীয়া মহিলাগৰাকী । উল্ল্খ্য যে সন্ধানহীন হোৱা মহিলাগৰাকীয়ে চকুৰে দেখা নাপায় । পৰিয়ালৰ লোকে ভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই মহিলাগৰাকীৰ । অৱশেষত উপায়ন্তৰ হৈ বৰপেটাৰোড আৰক্ষীক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 84020 33470 নম্বৰত যোগাযোগৰ বাবে আবেদন জনায় পৰিয়ালৰ লোকে ।

You might also like
Leave A Reply

Your email address will not be published.