ইউ পি পি এল দলত যোগদান কৰা ছাত্ৰ নেতাক উস্ম আদৰণি

ব্যুৰ’ ৰিপ’ৰ্ট: ইউ পি পি এল দলত যোগদান কৰা ছাত্ৰ নেতাক উস্ম আদৰণি

 

৩৯ নং পাচনৈ ছেৰফাং ব্লেক সমিতিৰ সভাপতি ছবিন বসুমতাৰীৰ সভাপতিত্ব অনুষ্ঠিত সভা খনত যোৱা ১১ আগষ্টত ইউ পি পি এল দলৰ ওদালগুৰি জিলা‌‌ সমিতিৰ উপ-সভাপতি ইফুংলা বসুমতাৰী, সম্পাদক ৰতেন্দ্ৰ দৈমাৰীৰ নেতৃত্বত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বাসগৃহত বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা সকল ইউ পি পি এল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে। নতুনকৈ যোগদান কৰা ছাত্ৰ নেতা সকল হ’ল ক্ৰমে চাহ জনজাতীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বীৰেণ কিষাণ, সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন উপ-সভাপতি উপেন্দ্ৰ কলিতা, আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন উপ-সভাপতি সুনীল এক্কা, ওদালগুৰি জিলা আটছাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক বাসু হাপ্পা, আটছাৰ মাজবাট শাখাৰ প্ৰাক্তন সম্পাদক ৰমেশ তাঁতী, সদস্য নয়ন জ্যোতি প্ৰধান, মাজবাট আঞ্চলিক আছাৰ প্ৰাক্তন সদস্য সঞ্জীৱ মুণ্ডা আদিয়ে নতুনকৈ ইউ পি পি এল দলত যোগদান কৰাক লৈ আজি দলৰ তৰফৰ পৰা একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উস্ম আদৰণি জনায় দলৰ প্ৰতিনিধি বৰ্গই।।

You might also like
Leave A Reply

Your email address will not be published.