আজি ২০ ছেপ্তেম্বৰ

১৯৪২ চনত গহপুৰ থানাত  পতাকা উত্তোলনৰ বাবে যাওতে পুলিচৰ গুলিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু ।

১৮৭৮ চনত ভাৰতৰ উল্লেখ্যযোগ্য সংবাদ- পত্ৰ ‘দা হিন্দু’ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ । প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি ।

১৯৩৪ চনত ইটালীৰ মোহময়ী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম।

১৯৪২ চনত গহপুৰ থানাত  পতাকা উত্তোলনৰ বাবে যাওতে পুলিচৰ গুলিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু ।

১৯৪২ চনত কন্ঠশিল্পী ,সুৰকাৰ জয়ন্ত হাজৰিকাৰ জন্ম।

১৯৪২ চনত ,৪২ৰ আন্দোলনত পুলিচৰ গুলীত ভোগেশ্বৰী ফুকননীৰ মৃত্যু ।

২০০২ চনত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিশু সাহিত্যিক শৰৎ চন্দ্ৰ দত্তৰ মৃত্যু।

২০০৪ চনত আলফা -চৰকাৰৰ মাজত বহু প্ৰতীক্ষিত  আলোচনা  প্ৰসংগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ  উদ্যোগত গুৱাহাটীত দুদিনীয়া জাতীয় অভিৰ্ৱতন।

২০০৪ চনত ভাৰতৰ প্ৰসিদ্ধ সমাজ সংস্কাৰক স্বামী অগ্নিবেশ আৰু বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী আছগাৰ আলী  ইঞ্জিনিয়াৰলৈ ‘ৰাইট লাইভলীহুড’ বঁটা ।

২০০৪  চনত সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু সাংবাদিক সতীশ চন্দ্ৰ কাকতিলৈ ২০০৪-০৫ বৰ্ষৰ  ছহিদ কনকলতা আৰু মুকুন্দ কাকতি বঁটা  ঘোষণা ।

১৮৫৭ চনত চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ব্ৰিটিছ সৈন্যৰ দিল্লী পুনৰ দখল।

২০০২ চনত দীপালী বৰঠাকুৰ আৰু হেম ভৰালী ক শ্বহীদ মুকন্দ কাকতি বঁটা প্ৰদান।

 

 

You might also like
Leave A Reply

Your email address will not be published.