১৮৭৮ চনত ভাৰতৰ উল্লেখ্যযোগ্য সংবাদ- পত্ৰ ‘দা হিন্দু’ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ । প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি ।
১৯৩৪ চনত ইটালীৰ মোহময়ী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম।
১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওতে পুলিচৰ গুলিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু ।
১৯৪২ চনত কন্ঠশিল্পী ,সুৰকাৰ জয়ন্ত হাজৰিকাৰ জন্ম।
১৯৪২ চনত ,৪২ৰ আন্দোলনত পুলিচৰ গুলীত ভোগেশ্বৰী ফুকননীৰ মৃত্যু ।
২০০২ চনত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিশু সাহিত্যিক শৰৎ চন্দ্ৰ দত্তৰ মৃত্যু।
২০০৪ চনত আলফা -চৰকাৰৰ মাজত বহু প্ৰতীক্ষিত আলোচনা প্ৰসংগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গুৱাহাটীত দুদিনীয়া জাতীয় অভিৰ্ৱতন।
২০০৪ চনত ভাৰতৰ প্ৰসিদ্ধ সমাজ সংস্কাৰক স্বামী অগ্নিবেশ আৰু বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী আছগাৰ আলী ইঞ্জিনিয়াৰলৈ ‘ৰাইট লাইভলীহুড’ বঁটা ।
২০০৪ চনত সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু সাংবাদিক সতীশ চন্দ্ৰ কাকতিলৈ ২০০৪-০৫ বৰ্ষৰ ছহিদ কনকলতা আৰু মুকুন্দ কাকতি বঁটা ঘোষণা ।
১৮৫৭ চনত চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ব্ৰিটিছ সৈন্যৰ দিল্লী পুনৰ দখল।
২০০২ চনত দীপালী বৰঠাকুৰ আৰু হেম ভৰালী ক শ্বহীদ মুকন্দ কাকতি বঁটা প্ৰদান।