আজি ২৯ আগষ্ট

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিবস।

১৮৬২ বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম।

১৯০২ ভাৰতপ্রেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক ভেৰিয়াৰ এলউইনৰ জন্ম।

১৯১০ সমগ্ৰ কোৰিয়া জাপানৰ অধীন।

১৯১৫ হলীউডৰ প্ৰখ্যাত অভিনেত্রী ইনগ্রিড বাৰ্গমেনৰ জন্ম।

১৯৪৭ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন। ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলৱৎ হয়। সেইদিনাৰ পৰা ভাৰতো এখন গণতান্ত্রিক ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।

১৯৭৬ বিদ্রোহী কবি কাজী নজৰুল ইছলামৰ মৃত্যু।

১৯৮২ আন্তর্জাতিক চলচ্চিত্ৰকাৰ ইংগমাৰ বাৰ্গমেনৰ মৃত্যু।

১৯৯১ ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ। এইটো আছিল ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত পঞ্চমটো সফল উপগ্রহ। ইছৰোৰ (ISRO) দ্বাৰা নিৰ্মিত IRS-1Bক IRS-1Aৰ আয়ুসকাল চমু চাপি অহা বাবে তাৰ ঠাইত স্থাপন কৰা হয়।

২০০৩ উত্তৰ প্ৰদেশৰ নতুন মুখ্য মন্ত্ৰী ৰূপে মুলায়েম সিং যাদৱৰ শপত গ্রহণ।

You might also like
Leave A Reply

Your email address will not be published.