১৬৩১ চনত মোগল সম্রাট শ্বাহজাহানৰ পত্নী মমতাজৰ মৃত্যু। এওঁৰ স্মৃতিতে শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰোৱায়।
১৯৭২ চনত অসম বিধানসভাৰ শ্বিলঙত বহা বাজেট অধিৱেশনত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ
আৰু পৰৱৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিছপুৰত পতাৰ কথা ঘোষণা।
১৯৭৫ চনত ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা। ইয়াৰ পিছত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে এই প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
১৯৭৯ চনত ভাৰতৰ দ্বিতীয়টো কৃত্রিম উপগ্রহ ‘ভাস্কব-১’ ছোভিয়েট ৰাছিয়াৰ চিয়েছ লেকৰ পৰা উৎক্ষেপণ, ৪৪৪ কিলোগ্রাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহৰ আৰ্হি- পৰিকল্পনা আৰু নিৰ্মাণ আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৰ (ISRO)। এইটো উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰা হয়।
১৯৮২ চনত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু।
১৯৮৬ চনত সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু।
১৯৯৭ চনত ফ্রেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবলাছ খিতাপ লাভ
২০০০ চনত বর্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু।