আজি ৯ জুলাই

১৯৯৯ চনত নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি।

➡️১৫৩৩ চনত  বংগৰ বৈষ্ণৱ কবি শ্ৰী চৈতন্য দেৱৰ মৃত্যু।

 

➡️১৮১০ চনত আৰ্জেণ্টিনাৰ স্বাধীনতা লাভ।

 

➡️১৮১৯ চনত আধুনিক  চিলাই  কলৰ আৱিস্কাৰক ইলিয়াছ হাওৰ  আমেৰিকাৰ  মেচাচুছেট্ছ চহৰত জন্ম।

 

➡️১৮৭৫ চনত মুম্বাইত ভাৰতৰ  প্ৰথমটো ষ্টক এক্সচেঞ্জ প্ৰতিষ্ঠা।

 

➡️১৯৫১ চনত ভাৰতৰ প্ৰথম পঞ্চমবাৰ্ষিক  পৰিকল্পনা (১৯৫১-৫৬)ঘোষণা।

 

➡️১৯৬৯ চনত  ‘সিংহ’ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি।

 

➡️১৯৯১ চনত ভাৰতত দশম লোকসভা গঠন।

 

➡️১৯৯৪ চনত প্রগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত ৰাম গগৈৰ মৃত্যু।

 

➡️১৯৯৭ চনত মঙ্গল গ্রহ অভিমুখী মহাকাশযান ‘পাথফাইণ্ডাৰ’ৰ মঙ্গল গ্ৰহত পৃথিৱীৰ দৰে শিলৰ গঠনৰ আৱিষ্কাৰ।

 

➡️১৯৯৮ ৰাজ্যসভাৰ উপাধ্যক্ষ পদত চতুৰ্থবাৰৰ বাবে নাজমা হেপতুল্লা নির্বাচিত।

 

➡️১৯৯৯ চনত নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি।

 

➡️১৯৯৯ চনত পাক অনুপ্রবেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ বাটালিক উদ্ধাৰ।

 

➡️১৯৯৯ চনত চৈয়দ আব্দুল মালিক আৰু ভবেশ সান্যালক শ্রীমন্ত শংকৰদেৱ বঁটা প্ৰদান।

 

➡️২০০২ চনত সংস্কৃত পণ্ডিত, প্রাক্তন সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু।

 

➡️২০০৬ বিশ্বকাপ ফুটবলত ইটালী চেম্পিয়ন।

 

You might also like
Leave A Reply

Your email address will not be published.