আজি ৪ আগষ্ট

➡️১৭৯২ ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ (সম্পূর্ণ নাম পাচী বিছি শ্বেলী) জন্ম।

➡️১৮৭৫ ডেনমাৰ্কৰ কবি আৰু ৰূপকথাকাৰ হান্‌ছ এণ্ডাৰছনৰ (সম্পূর্ণ নাম হান্‌ছ ক্রিষ্টিয়ান এণ্ডাৰছন) মৃত্যু। ১৮৫৯ নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম। ‘হাংগাৰ’ তেওঁৰ বিখ্যাত উপন্যাস। ১৯২০ চনত হামছুনে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।

➡️১৯১৪ জার্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা। প্রথম মহাসমৰ আৰম্ভ।

➡️১৯২৯ ভাৰতৰ প্ৰখ্যাত কণ্ঠশিল্পী কিশোৰ কুমাৰৰ জন্ম।

➡️১৯৩৭ জেনেৰেল ফ্রাংকোৰ নিজকে স্পেইনৰ প্ৰধান মন্ত্ৰী তথা সামৰিক বাহিনীৰ সৰ্বাধিনায়ক ৰূপে ঘোষণা।

➡️১৯৩৯ ডিব্ৰুগড়ৰ পৰা ইংৰাজী সাপ্তাহিক ৰূপে ‘আছাম ট্রিবিউন’ৰ প্ৰকাশ। প্রথম সম্পাদক: লক্ষ্মীনাথ ফুকন।

➡️১৯৬৫ অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অসম’ৰ প্ৰথম প্রকাশ। প্রথম সম্পাদক: কীর্তিনাথ হাজৰিকা।

➡️১৯৭২ উগাণ্ডাৰ ৰাষ্ট্ৰপতি ইদি আমিনৰ ৪০,০০০ এছীয় লোকক উগাণ্ডা ত্যাগৰ নিৰ্দেশ।

➡️১৯০০ ব্রিটেইনৰ ৰাণী মাতৃ এলিজাবেথৰ জন্ম।

➡️১৯৬৭ তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত। এই অধিৱেশনতে সন্থাৰ নামটো আনুষ্ঠানিকভাবে ঘোষণা কৰাৰ লগতে ইয়াৰ বৰ্তমান ব্যৱহৃত পতাকা, প্রতীক আৰু সংবিধান গ্ৰহণ কৰা হয়। এই অধিৱেশনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ ধাৰাটোৰ সূচনা হয়।

➡️১৯৯৭ স্বেচ্ছাসেৱী অনুষ্ঠান ‘এভার্ড এন ই’ৰ সচিবপ্রধান সঞ্জয় ঘোষৰ মৃত্যু ঘোষণা। তেওঁক চাৰি জুলাইত (১৯৯৭) অপহৰণ কৰা হৈছিল। দেশ-বিদেশত সঞ্জয় হত্যাৰ প্ৰতিবাদ।

You might also like
Leave A Reply

Your email address will not be published.