আজি ৬ জুলাই

কোমোৰোছৰ স্বাধীনতা দিৱস। গল্পৰ দিন।

➡️১৫৩৫ ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু।

➡️১৮৮৫ ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ।

➡️১৮৯৩ ফৰাচী কথা-সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু।

➡️১৯০১ ভাৰতীয় জনসংঘৰ অন্যতম প্রতিষ্ঠাতা শ্যামাপ্রসাদ মুখার্জীৰ জন্ম।

➡️১৯২৬ সাহিত্যিক মহিম বৰাৰ জন্ম।

➡️১৯৪৪ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন।

➡️১৯৪৬ ৪৩তম মার্কিন ৰাষ্ট্ৰপতি জর্জ ডব্লিউ বুশ্বৰ জন্ম।

➡️১৯৬০ শিলগুৰি ৰে’ল ষ্টেচনত উন্মত্ত বাংলাভাষীৰ দ্বাৰা ৰে’ল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক হত্যা।

➡️১৯৬২ মার্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু। ফকনাৰে ১৯৪৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

➡️১৯৮৬ জাতীয়তাবাদী নেতা তথা কেন্দ্রীয় মন্ত্রী বাবু জগজীবন ৰামৰ মৃত্যু।

➡️১৯৯১ একেৰাহে তৃতীয়বাৰৰ বাবে স্টেফি গ্রাফ উইম্বলডনৰ চেম্পিয়ন।
➡️২০০০ ৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘কৈহাটীৰ ঢুলীয়া লৈ শ্রেষ্ঠ নৃতত্ত্বমূলক বঁটা, ‘পখী’ আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি, ‘বৈভৱ লৈ জুৰিৰ বিশেষ বঁটা।

➡️২০০২ শিল্পপতি, ৰিলায়েন্স উদ্যোগৰ প্রতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু।

➡️২০০৬ সুদীর্ঘ ৪৪ বছৰৰ মূৰত নাথু লা গিৰিপথ পুনৰ মুকলি।

You might also like
Leave A Reply

Your email address will not be published.