আজি ১৬ জুন

আজি ১৬ জুন

➡️খ্ৰীষ্টপূর্ব ৬৩২ জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন। ইৰান আৰু ভাৰতৰ পাচী সমাজত এই কেলেণ্ডাৰৰ ব্যৱহাৰ বহুল।
➡️১৯২৫ জাতীয়তাবাদী নেতা ‘দেশবন্ধু’ চিত্তৰঞ্জন দাসৰ মৃত্যু। ১৯৪৪ ৰসায়নবিদ আচার্য প্রফুল্লচন্দ্ৰ ৰায়ৰ কলকাতাত মৃত্যু। ১৯৬৩ ৰাছিয়াৰ মহিলা মহাকাশচাৰী ভেলেন্টিনা টেৰেছকোভাৰ মহাকাশলৈ যাত্রা। মহাকাশলৈ যোৱা তেৱেঁই বিশ্বৰ প্ৰথম মহিলা।
➡️১৯৭৭ লিঅ’নিড ব্রেজনেভ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। ১৯৮২ চনলৈকে তেওঁ এই পদত কার্যনির্বাহ কৰে।
➡️১৯৯১ যোৰহাটৰ পৰা ইংৰাজী দৈনিক সংবাদ-পত্র ‘দি ইষ্টার্ন ক্লেৰিয়ন’ৰ প্ৰকাশ।
➡️১৯৯৩ শ্বেয়াৰ দালাল হর্ষদ মেহতাৰ অভিযোগ – প্রধান মন্ত্রী নৰসিংহ ৰাৱে ১৯৯১ চনৰ নৱেম্বৰত তেওঁৰ পৰা ১ কোটি টকাৰ ভেটি লৈছিল। ৰাৱে এই অভিযোগ উদ্দেশ্যপ্রণোদিত, বিদ্বেষপূর্ণ আৰু ভিত্তিহীন বুলি অভিহিত কৰে।
➡️২০০০ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দেবেশ চক্ৰৱতীৰ মৃত্যু।
➡️২০০১ ঢাকাত আৱামী লীগৰ সভাত বোমা বিস্ফোৰণ; ২২জনৰ মৃত্যু।
➡️২০০৭ ছলমান ৰুশ্বদীক ইংলেণ্ডৰ ৰাণীৰ নাইট উপাধি প্রদান।

You might also like
Leave A Reply

Your email address will not be published.