আজি ২০ মে’

কেমেৰুনৰ স্বাধীনতা দিৱস।

পূব টিমোৰৰ স্বাধীনতা দিৱস।

➡️৫২৬ ছিৰিয়াত প্রবল ভূমিকম্প, প্রায় আঢ়ৈ লাখ লোকৰ মৃত্যু। ১৩৭৮ বাহমনি ৰাজ্যৰ চুলতান ডাউদ শ্বাহৰ মৃত্যু।

➡️১৪৭১ ইংলেণ্ডৰ ৰজা ষষ্ঠ হেন্দ্ৰীৰ মৃত্যু।

➡️১৫০৮ নাৱিক আৰু ভৌগোলিক আৱিষ্কাৰক খ্ৰীষ্টফাৰ কলম্বাছৰ মৃত্যু, স্পেইনত।

➡️১৭৯৯ ফৰাচী ঔপন্যাসিক বালজাকৰ জন্ম, ফ্ৰান্সৰ টুৰছত।

➡️১৮০৬ ইংৰাজ দার্শনিক আৰু অর্থনীতিবিদ জন ষ্টুৱাৰ্ট মিলৰ লণ্ডনত জন্ম।

➡️১৮৬৭ লণ্ডনৰ প্ৰসিদ্ধ ৰয়েল এলবাৰ্ট হলৰ আধাৰশিলা স্থাপন।

➡️১৮৭৫ পেৰিছত ‘মিটাৰ বিষয়ক চুক্তি’ (Treaty of Metre) স্বাক্ষৰিত। এই চুক্তি অনুসৰি প্ৰতিষ্ঠা হয় ‘আন্তর্জাতিক ওজন আৰু জোখ-মাখ ব্যুৰো’ (International Bureau of Weights & Measures)। এই প্রতিষ্ঠানেই আন্তর্জাতিক বিভিন্ন এককৰ সংজ্ঞা নিৰূপণ কৰে।

➡️১৮৮২ নৰৱেৰ নোবেল জয়ী মহিলা ঔপন্যাসিক ছিগ্রিড উণ্ডছেটৰ জন্ম। উণ্ডছেটে ১৯২৮ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

➡️১৯০০ পেৰিছত দ্বিতীয় আধুনিক অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ ২৮ অক্টোবৰলৈকে চলিছিল। ২২খন দেশে অংশগ্রহণ কৰা এই অলিম্পিকত ১৭টা ক্রীড়া বিভাগ আছিল। এই অলিম্পিকতে ভাৰতৰ নৰমান প্রিটচার্ডে ২০০ মিটাৰ দৌৰ আৰু ২০০ মিটাৰ হাৰ্ডঞ্ছত ৰূপৰ পদক লাভ কৰে। অলিম্পিকত ভাৰতে লাভ কৰা এয়াই আছিল প্রথম পদক। অৱশ্যে তেতিয়াৰ অলিম্পিকৰ নিয়ম অনুসৰি প্রিটচার্ডে অলিম্পিকত ব্যক্তিগতভাৱেহে যোগদান কৰিছিল, ভাৰতীয় হিচাপে নহয়।

➡️১৯৪০ ছুইডেনৰ নোবেল জয়ী প্রসিদ্ধ সাহিত্যিক কার্ল গুস্তাফ ভাৰ্নাৰ ডন হেইডেনষ্টামৰ মৃত্যু। তেওঁ ১৯১৬ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯৫৪ চিয়াং কাইশ্বেক ‘ৰিপাব্লিক অব্ চাইনা’ৰ (বর্তমান টাইৱান) ৰাষ্ট্রপ্রধান।

➡️১৯৬৫ মেজৰ এ এছ চিমা আৰু শ্বেৰ্গা নাৱাং গাম্বুৰ এভাৰেষ্ট বিজয়। গাম্বু বিশ্বৰ প্ৰথম পৰ্বতাৰোহী- যি দুবাৰ এভাৰেষ্টত আৰোহণ কৰিছে। ইয়াৰ আগতে ১৯৬৩ চনৰ ১ মে’ত তেওঁ এভাৰেষ্টত আৰোহণ কৰিছিল।

➡️১৯৯২ ভাৰতৰ শ্রীহৰিকোটাৰ পৰা ASLV-D3ৰ সফল উৎক্ষেপণ।

➡️২০০২ পূব টিমোৰৰ স্বাধীনতা লাভ।

You might also like
Leave A Reply

Your email address will not be published.