আজি ৬ অক্টোবৰ

আজি ৬ অক্টোবৰ

➡️১৮৬০ ভাৰতীয় দণ্ডবিধি আইনত পৰিণত। ১৮৬২ চনৰ ১ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়।
➡️১৮৯২ খ্যাতিমান ইংৰাজ কবি লর্ড আলফ্রেড টেনিছনৰ মৃত্যু। ১৮৯৩ খ্যাতনামা পদার্থ-বিজ্ঞানী মেঘনাদ সাহাৰ জন্ম।
➡️১৯১৪ নৰৱেৰ পৰিব্ৰাজক থৰ হেয়াৰডেলৰ জন্ম। ‘কনটিকি অভিযান’ নামেৰে বিখ্যাত এক অভিযানত তেওঁ বালছা গছৰ কাঠৰ ভূঁৰত উঠি প্রশান্ত মহাসাগৰ পাৰ হৈ সমগ্ৰ বিশ্বক চমক খুৱায়।
➡️১৯২৭ বিশ্বৰ প্ৰথম সবাক ছবি ‘দি জাজ ছিংগাৰ’ৰ আমেৰিকাত মুক্তি লাভ।
➡️১৯৩৯ অসমত পৰ্বতাৰোহণ বিদ্যাৰ বাটকটীয়া ৰোহিণী কুমাৰ ভূঞাৰ জন্ম।
➡️১৯৯১ দিন-দুপৰতে দিল্লীৰ ৰাজপথৰ পৰা ৰোমানিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত লিভিউ ৰাদুক অপহৰণ। ভাৰতত বিদেশী কূটনীতিবিদক অপহৰণৰ ঘটনা এয়ে প্রথম।
➡️১৯৯৫ অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অগ্রদূত’ৰ গুৱাহাটীৰ পৰা প্ৰথম প্রকাশ। সম্পাদক: কনকসেন ডেকা। ২০০০ চনৰ আগষ্ট মাহৰ পৰা কাকতখন একে সময়তে যোৰহাটৰ পৰাও প্রকাশ হয়।
➡️১৯৯৭ আমেৰিকা আৰু ইংলেণ্ডৰ যুটীয়া প্ৰচেষ্টাত ‘কেছিনি’ নামৰ মহাকাশযান শনি অভিমুখে উৎক্ষেপণ।
➡️২০০২, অসমৰ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.