আজি ২৪ ছেপ্টেম্বৰ

আজি ২৪ ছেপ্টেম্বৰ

➡️১৭২৬ কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুমতি লাভ।
➡️১৮৯৫ প্রখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্রেডেৰিক কৰনাদৰ জন্ম।
➡️১৯০৪ ডেনমাৰ্কৰ প্ৰসিদ্ধ চিকিৎসা-বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু। ‘ফটোথেৰাপী’ৰ আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
➡️১৯২৪ জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্রমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম।
➡️১৯৬১ ভাৰতৰ ৰাজনৈতিক কর্মী মাডাম ৱিকাজী কামাৰ জন্ম। ১৯৯৯ অসমৰ অপহৃত বিজেপী প্রার্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু।
➡️২০০১ মার্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত।
➡️২০০২ চেন্নাইত ভূমিকম্প। প্রাবল্য ৫.৬।
➡️২০০২ গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্রমণ। দুজন উগ্রপন্থীসহ ২৬জনৰ মৃত্যু।
➡️২০০৩ আমেৰিকাৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বৰ সৈতে প্ৰধান মন্ত্রী বাজপেয়ীৰ সাক্ষাৎ।
➡️২০০৭ প্রথম টুৱেণ্টী ২০ বিশ্বকাপ ক্রিকেটত পাকিস্তানক ৫ • ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন। ১০ ছেপ্টেম্বৰত এই প্রতিযোগিতা আৰম্ভ হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.