কলকাতাঃ বিতৰ্কিত আত্মজীৱনী আৰু লেখাক কেন্দ্ৰ কৰি মৌলবাদী গোটসমূহৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ প্ৰায় দুটা দশক পূৰ্বে কলকাতা এৰিবলৈ বাধ্য হোৱা নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিন শুকুৰবাৰে পুনৰ কলকাতাত উপস্থিত হয়। এসময়ত নিজৰ দ্বিতীয় ঘৰ বুলি অভিহিত কৰা এই চহৰখনলৈ তেওঁৰ উভতি অহা আৱেগিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।
দিল্লীৰ পৰা কলকাতাত উপস্থিত হোৱা নাছৰিনক দেখা গ’ল পৰম্পৰাগত বাঙালী পোছাক ৰঙা পাৰি থকা বগা চাদৰৰ সৈতে। যোৱা কেইদিনমান ধৰি তেওঁ সামাজিক মাধ্যমত কলকাতাৰ বিভিন্ন স্থানত আঁৰি দিয়া বেনাৰ আৰু বঙালী সংবাদ মাধ্যমত প্ৰকাশিত সাক্ষাৎকাৰসমূহ শ্বেয়াৰ কৰি এই ভ্ৰমণৰ আভাস দি আহিছিল।

উল্লেখ্য যে, ১৯৯৩ চনত প্ৰকাশিত তেওঁৰ বিতৰ্কিত উপন্যাস ‘লজ্জা’ৰ পিছত বাংলাদেশত সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত তাছলিমা নাছৰিনে দেশ এৰিবলৈ বাধ্য হৈছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰায় ১৪ বছৰ কলকাতাত বাস কৰিছিল। কিন্তু ২০০৭ চনত সৃষ্টি হোৱা বিক্ষোভ আৰু নিৰাপত্তাজনিত কাৰণত তেওঁ কলকাতা ত্যাগ কৰিবলগীয়া হৈছিল। সেই সময়ত একাংশ বাওঁপন্থী আৰু ইছলামিক চিন্তাধাৰাৰ লোকে কলকাতাত ব্যাপক আন্দোলন গঢ়ি তুলিছিল। তদানীন্তন বুদ্ধদেৱ ভট্টাচাৰ্য চৰকাৰে তছলিমা নাছৰিনৰ কলকাতা এৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু বিষয়টো আদালতৰ মজিয়া পোৱাত প্ৰায় দুবছৰ পুনৰ কলকাতাত থাকিবলৈ লয় যদিও প্ৰতিবাদে অধিক ভয়ংকৰ ৰূপ লয়। এটা সময়ত চৰকাৰে সেনা বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। পৰিস্থিতিৰ ভয়াৱহতা বুজি তছলিমা নাছৰিন প্ৰথমে জয়পুৰত থাকে আৰু পিছত দিল্লীত বাস কৰিবলৈ লয়। ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত দীৰ্ঘ সময়ৰ বাবে বিদ্ৰোহী লেখিকাগৰাকীক ভাৰতত থকাৰ বাবে অনুমতি প্ৰদান কৰে।