Assam| Jayanta Malla Baruah: ‘লোকপিয়ল ২০২৭’ৰ স্ব-গণনা সম্পন্ন বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Jayanta Malla Baruah

গুৱাহাটী, ২ আগষ্টঃ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজ বাসগৃহত ‘লোকপিয়ল ২০২৭’ৰ প্ৰথম পৰ্যায়ৰ স্ব-গণনা প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰে । প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

​প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি মন্ত্ৰী বৰুৱাই ​সাংবাদিকৰ আগত কয় যে অনলাইন স্ব-গণনা অতি সহজ । পৰিয়ালৰ যিকোনো সদস্যই স্মাৰ্টফোন বা ইন্টাৰনেটৰ সুবিধা থকা সঁজুলিৰে চৰকাৰী পৰ্টেল https://se.census.gov.in-ত গৈ এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব ।

​তেওঁ জানিবলৈ দিয়ে যে স্ব-গণনাৰ সময়ত ঘৰৰ প্ৰকাৰ, পানী নিষ্কাশন, এলপিজি সংযোগ, স্মাৰ্টফোন, ডিছ টিভি আদিৰ মৌলিক তথ্যৰ লগতে বাসগৃহৰ জিপিএছ (GPS) স্থান সংৰক্ষণ কৰিব পাৰিব ।

​মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয়, “লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা এই তথ্যসমূহে ভৱিষ্যতৰ ৰাজহুৱা নীতি আৰু উন্নয়নমূলক আঁচনিসমূহ যুগুত কৰাত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব । গতিকে এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ।”

​মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লগতে উল্লেখ কৰে যে এই স্ব-গণনাৰ প্ৰক্ৰিয়াটো ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ চলিব । ইয়াৰ পিছতে চৰকাৰীভাৱে নিযুক্ত গণনাকাৰীসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তথ্যসমূহৰ সত্যতা পৰীক্ষা কৰিব ।

​লোকপিয়ল কাৰ্যসূচীৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে প্ৰতিটো পৰিয়ালকে নিজৰ স্ব-গণনা প্ৰক্ৰিয়া সময়মতে সম্পূৰ্ণ কৰি ভাৰতৰ এক শক্তিশালী আৰু তথ্যনিৰ্ভৰ ভৱিষ্যত গঢ়াত অৰিহণা যোগাবলৈ পুনৰ আহ্বান জনায় ।

You might also like
Leave A Reply

Your email address will not be published.