হাজোৰ বৰলিয়া নৈত পৰাম্পৰাগত নাঁওখেল প্ৰতিযোগিতা

হাজোৰ কোঁৱৰপুৰত বৰলিয়া নৈত পৰম্পৰাগত নাঁওখেল প্ৰতিযোগিতা । নাঁওখেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য বৰলিয়া নৈ’ৰ পাৰ । নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাওঁখেল । হাজোৰ কোঁৱৰপুৰত বৰলিয়া নৈৰ পাৰত নাওঁ খেল চাবলৈ সমাগম হল হাজাৰ হাজাৰ দৰ্শক । হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ উদ্যোগত আৰু কোঁৱৰপুৰ স্পোৰ্টচ ক্লাবৰ সহযোগত বৰলিয়া নৈত অনুষ্ঠিত কৰিছে এই নাওঁ খেল প্ৰতিযোগিতাখন ।বৰলিয়া নৈত অনুস্থিত কৰা নাঁওখেল প্ৰতিযোগিতা খনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ৯খন নাওঁখেলৰ দলে অংশ গ্ৰহণ কৰে । নাঁওখেল প্ৰতিযোগিতা খনৰ আকৰ্ষণীয় ফাইনেল খেলখনত অংশগ্ৰহণ কৰে বৰ্নিৰ “মা ৰূপহী” আৰু আধিয়াৰপাৰ “জোন তৰা” নামৰ দুটি নাওঁখেলৰ দল ।প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বৰ্নিৰ “মা ৰূপহী” নামৰ নাওঁৰ দলটিয়ে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে আধিয়াৰপাৰ “জোন তৰা ” নামৰ নাওঁৰ দলটিয়ে । প্ৰতিবছৰে অনুস্থিত কৰি আহিছে পৰাম্পৰাগত নাওঁখেল প্ৰতিযোগিতা ।

You might also like
Leave A Reply

Your email address will not be published.